Show/Hide Keyboard Layout

গুণ গুণ কাণে কাণে

- অংগৰাগ মহন্ত

অ’ ... অ’ ...

গুণ গুণ গুণ গুণ, কাণে কাণে

ঝিৰ ঝিৰ ঝিৰ ঝিৰ, বৰষুণে

গায় মাথোঁ এই গান

প্ৰভাতী পখী ধ্বনি

আকাশে বতাহে উৰি

ৰিঙিয়াই ৰিঙিয়াই গায়

অ’ ...

গুণ গুণ গুণ গুণ, কাণে কাণে

ঝিৰ ঝিৰ ঝিৰ ঝিৰ, বৰষুণে ...

 

কুলু কুলু নদী বয় কেতেকীৰ বিননিত 

গৰখীয়াৰ বাঁহীত একেটা সুৰৰ কলি

কুলু কুলু নদী বয় কেতেকীৰ বিননিত 

গৰখীয়াৰ বাঁহীত একেটা সুৰৰ কলি

দিশে দিশে মুখৰিত ছন্দ গানৰ

শুনা মাথোঁ শুনা অভিমানী প্ৰিয়া মোৰ

দূৰণিত বহি তুমি শুনা 

অ’ ...

গুণ গুণ গুণ গুণ, কাণে কাণে ...

 

তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে

নয়ন জুৰাই চোৱা কিনো বিতোপন দেখে

তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে

নয়ন জুৰাই চোৱা কিনো বিতোপন দেখে

এন্ধাৰ পোহৰ মিলা পুৱতিৰ সেই ক্ষণে

আনে উৰুৱাই মলয়া বতাহে

একেটা সুৰৰ কলি  

অ’ ...

গুণ গুণ গুণ গুণ, কাণে কাণে ...

Hits: 2199